হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অন্যায়-অত্যাচাৰৰ পৰা সতৰ্ক কৰিছে। আনৰ প্ৰতিয়ে হওক বা নিজৰ প্ৰতি অথবা আল্লাহৰ অধিকাৰৰ ক্ষেত্ৰতে হওক। অৰ্থাৎ অধিকাৰীক অধিকাৰৰ পৰা বঞ্চিত কৰা, কাৰণ কিয়ামতৰ দিনা এই অন্যায়-অত্যাচাৰ কঠিন ভয়াৱহ বিপদ তথা অন্ধকাৰৰূপে আগমন কৰিব। এইদৰে নবী চাল্লাল্লাহু অছাল্লামে কৃপণতাৰ পৰা নিষেধ কৰিছে। অৰ্থাৎ দুনিয়াৰ প্ৰতি মোহ থকাৰ কাৰণে আৰ্থিক অধিকাৰ আদায়ত অৱহেলা কৰা। এই ধৰণৰ অন্যায়ৰ ফলতেই আমাৰ পূৰ্বে অতিবাহিত হোৱা উম্মতসকল ধ্বংস হৈছে। যাৰ ফলত সিহঁতে ইজনে সিজনক হত্যা কৰিছিল, লগতে আল্লাহে যিটো বস্তুক হাৰাম কৰিছিল সেইটোক সিহঁতে হালাল বুলি গণ্য কৰিছিল।