নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ'ল যে, ইছলামৰ কোন কেইটা বৈশিষ্ট্য আটাইতকৈ উত্তম? তেতিয়া তেখেতে দুটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিলেঃ প্ৰথমঃ দুখীয়া দৰিদ্ৰক আহাৰ কৰাব লাগে, সিহঁতক চাদাক্বাহ কৰাই হওক বা উপহাৰ দিয়াই হওক নাইবা নিমন্ত্ৰণৰ জৰিয়তে মাতি আনি আপ্যায়ন কৰাই হওক, যিকোনো প্ৰকাৰে সিহঁতক সহায় কৰা। বিশেষকৈ দুৰ্ভিক্ষৰ সময়ত বা বস্তু বাহিনীৰ মৃল্যবৃদ্ধিৰ সময়ত। দ্বিতীয়টো হৈছে, প্ৰতিজন মুছলিমকে ছালাম দিয়া, পৰিচিত হওক বা অপৰিচিত।