নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত মুছলিমসকলৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰা আৰু অন্যায়ভাৱে গ্রহণ কৰা সম্পৰ্কে উল্লেখ কৰিছে। এইটো অন্যায়ভাৱে সম্পদ জমা কৰা আৰু অসৎ পথেৰে উপাৰ্জন কৰা তথা অনুচিত ঠাইত ব্যয় কৰা ইত্যাদি সকলো ক্ষেত্রতে ব্যাপক অৰ্থত ব্যৱহৃত হৈছে। লগতে এতীমৰ সম্পদ ভক্ষণ কৰা, ওৱাকফকৃত সম্পদ ভক্ষণ কৰা, আমানত ওভোতাই দিবলৈ অস্বীকাৰ কৰা, তথা জনসাধাৰণৰ সম্পদ অন্যায়ভাৱে গ্রাস কৰা ইত্যাদি সকলো বিষয় এই হাদীছৰ অন্তৰ্ভুক্ত। এইবোৰ উল্লেখ কৰাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, কিয়ামতৰ দিনা সিহঁতৰ পৰিণাম হ'ব জাহান্নাম।