নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছত এজন মুছলিম ভাতৃক আন এজন মুছলিম ভাতৃৰ সৈতে তিনি দিনতকৈ অধিক সময় এনেকৈ সম্পৰ্ক ছিন্ন ৰাখিবলৈ নিষেধ কৰিছে যে, দুজনে কেতিয়াবা সাক্ষাৎ হ'লে ইজনে সিজনক ছালাম নকৰে আৰু কথাও নকয়। এই দুয়োজনৰ মাজত উত্তম ব্যক্তি হৈছে সেইজন, যিয়ে মীমাংসাত আহিবলৈ চেষ্টা কৰিব তথা যিয়ে প্ৰথমে ছালাম কৰিব। এই সম্পৰ্কচ্ছেদৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কক বুজোৱা হৈছে। পক্ষান্তৰে আল্লাহৰ অধিকাৰ খৰ্ব কৰাৰ কাৰণে যদি কোনোবাই সম্পৰ্ক ছিন্ন কৰি আঁতৰি থাকে তেন্তে সেইটোৰ বাবে কোনো সময় নিৰ্দিষ্ট নাই, যেনে- পাপকৰ্মত লিপ্ত থকাৰ কাৰণে, বিদ‘আতী হোৱাৰ কাৰণে বা অসৎ সংগ গ্ৰহণ কৰাৰ কাৰণে যদি কোনোবাই সম্পৰ্কচ্ছেদ কৰি আঁতৰি থাকে তেন্তে ইয়াৰ বাবে কোনো সময় নিৰ্ধাৰিত নাই; বৰং এইবোৰৰ পৰা সম্পৰ্ক ছিন্ন ৰখাটো হৈছে বিশেষ কোনো কাৰণ আৰু উদ্দেশ্যৰ সৈতে জড়িত, যেতিয়াই সেই কাৰণ দূৰ হ'ব তেতিয়াই সম্পৰ্ক পুনৰ বাহাল হ'ব।