হাদীছটোৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অন্যায়-অত্যাচাৰ, পাপকৰ্ম, শ্বিৰ্ক, মানুহৰ অধিকাৰ খৰ্ব কৰা আদি গুনাহৰ পৰা সতৰ্ক কৰিছে। কাৰণ আল্লাহে অন্যায়-অত্যাচাৰীক অৱকাশ দিয়ে, তাৰ ধন-সম্পদ আৰু আয়ুস বৃদ্ধি কৰি দিয়ে, তাক শাস্তি প্ৰদানত খৰধৰ নকৰে। কিন্তু তথাপিও যদি সি তাওবা নকৰে তেন্তে তাক এনেকৈ কৰায়ত্ত কৰে যে তাৰ পিছত আৰু তাক কোনো সুযোগ প্ৰদান নকৰে। কাৰণ সি অতিমাত্ৰা অন্যায় কৰিছে। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াতটো তিলাৱত কৰিছিল। (যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন।) (ছুৰা হূদঃ ১০২)