নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছে কুদছীত কৈছে যে, সৰ্বশক্তিমান আল্লাহে কৈছেঃ যিয়ে মোৰ কোনো (অলী) প্ৰিয় বান্দাক কষ্ট দিব তথা ক্ৰোধান্বিত কৰিব বা ঘৃণা কৰিব, যিটো মই ভালদৰেই জানো, তাৰ সৈতে মই শত্ৰুতা ঘোষণা কৰিছোঁ। অলী কোৱা হয়, পৰহেজগাৰ মুমিন বান্দাক। বান্দাৰ ঈমান আৰু তাক্বৱা যি পৰিমাণে থাকিব, সেই পৰিমাণেই তেওঁ আল্লাহৰ প্ৰিয়পাত্ৰ হোৱাৰ অংশ অৰ্জন কৰিব। মুছলিমে আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ প্ৰয়াস কৰা সকলো আমলৰ ভিতৰত আল্লাহৰ দৃষ্টিত আটাইতকৈ প্ৰিয় আমলটো হৈছে তেওঁ ফৰজ কৰা নেক আমলসমূহ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা আঁতৰি থকা। ফৰজৰ লগতে নফলসমূহ নিয়মিতভাৱে আদায় কৰি যিয়ে আাল্লাহৰ নৈকট্য অন্বেষণ কৰে, তাক আল্লাহে মুহাব্বত কৰে। যেতিয়া আল্লাহে তাক মুহাব্বত কৰে, তেতিয়া তাৰ চাৰিটা অংগক আল্লাহে গুনাহৰ পৰা সুৰক্ষিত ৰাখে। শ্ৰৱণশক্তিক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেই কথাই শুনে যিটোৰ দ্বাৰা আল্লাহ সন্তুষ্ট হয়। তেওঁৰ দৃষ্টিশক্তিক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেইটোৱে দেখে যিটোক আল্লাহে পছন্দ কৰে আৰু সন্তুষ্ট হয়। তাৰ হাতক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেই কামেই কৰে যিটোৰ দ্বাৰা আল্লাহ সন্তুষ্ট হয়। তাৰ ভৰিক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেই কামৰ বাবেই খোজকাঢ়ে যিটোক আল্লাহে পছন্দ কৰে, কল্যাণৰ বাহিৰে বেলেগ কোনো কাম কৰিবলৈ চেষ্টা নকৰে। ইয়াৰ ওপৰিও তেওঁ যদি আল্লাহৰ ওচৰত কিবা বিচাৰে তেন্তে আল্লাহে তেওঁক সেইটো প্ৰদান কৰে। ফলত তেওঁৰ দুআ কবূল কৰা হয়। এইদৰে যেতিয়া তেওঁ আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰে, তেতিয়া আল্লাহে তেওঁক হিফাজত কৰে আৰু আশ্ৰয় দিয়ে যিটোৰ পৰা তেওঁ আশ্ৰয় বিচাৰে।