নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, যি শ্বাৰয়ী ইল্ম আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে শিকিব লাগে, তেনেকুৱা ইল্ম যদি কোনোবাই পাৰ্থিৱ উপাৰ্জনৰ বাবে শিকে, যেনে ধন-সম্পদ বা মান-মৰ্যাদা অৰ্জনৰ বাবে শিকে, সেই ব্যক্তি কিয়ামতৰ দিনা জান্নাত তো দূৰৰ কথা, জান্নাতৰ সুগন্ধিৰ পৰাও বঞ্চিত হ’ব।