উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই উম্মুল মুমিনীন চাফিয়্য়াহ ৰাদ্বিয়াল্লাহু আনহাক উপলুঙা কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কৈছিল যে, আপোনাৰ বাবে চাপৰ চাফিয়্যাই যথেষ্ট। অৰ্থাৎ তেওঁৰ উচ্চতাক উপলুঙা কৰিছিল। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তুমি এনেকুৱা এষাৰ কথা কৈছা, যিটো কথাক যদি সাগৰৰ পানী মিশ্ৰিত কৰা হয়, তেন্তে সাগৰৰ পানীৰ ৰং পৰিবৰ্তন হ'ব, ঘোলা হৈ পৰিব আৰু সোৱাদ পৰিবৰ্তন হৈ যাব। তেতিয়া তেওঁ ক'লেঃ মই কেৱল মানুহে কোৱা কথাহে কৈছোঁ, যিদৰে মানুহে তেওঁৰ বিষয়ে কয়। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ শুনা! মোক যদি কোনোবাই পাৰ্থিৱ সম্পদৰ ইমান পৰিমাণো সম্পদ দিয়ে, তথাপিও মই মানুহে কৰা উপহাস বেলেগৰ আগত উপস্থাপন নকৰোঁ, তথা মানুহে কাৰো বিষয়ে কৰা সমালোচনা গাই নুফুৰোঁ।