হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা কিছুমান কৰ্মৰ পৰা নিষেধ কৰিছে তথা সতৰ্ক কৰিছে, যিবোৰৰ দ্বাৰা মুছলিমসকলৰ মাজত বিভাজন আৰু শত্ৰুতাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপেঃ (الظن) অৰ্থাৎ প্ৰমাণ নোহোৱাকৈ অন্তৰত কাৰো বিষয়ে বেয়া ধাৰণা পোষণ কৰা। এইটোক আটাইতকৈ ডাঙৰ মিছা কথা বুলি আখ্যা দিয়া হৈছে। (التَّحَسُّس) অৰ্থাৎ শ্ৰৱণশক্তি বা দৃষ্টিশক্তিৰ দ্বাৰা কাৰো দোষ-ত্ৰুটি অনুসন্ধান কৰা। (التَّجَسُّس) অৰ্থাৎ মানুহৰ গোপন তথ্য খুচৰি ফুৰা, বিশেষকৈ এই শব্দটো ব্যৱহাৰ হয় বেয়া দিশ খুচৰি ফুৰাৰ ক্ষেত্ৰত। (الحسد) অৰ্থাৎ কাৰোবাৰ উন্নতিক অপছন্দ কৰা। (التدابر) অৰ্থাৎ ইজনে সিজনৰ লগত সম্পৰ্কচ্ছেদ কৰা, সাক্ষাৎ নকৰা আৰু ছালাম নিদিয়া। (التباغض) অৰ্থাৎ ইজনে সিজনৰ প্ৰতি বিদ্বেষ পোষণ কৰা আৰু ঘৃণা কৰা। এক কথাত আনক কষ্ট দিয়া, সাক্ষাৎ হ'লে ভ্ৰু কোঁচাই লোৱা আদি। ইয়াৰ পিছত তেখেতে এনেকুৱা এটা ব্যাপক বাক্য কৈছে, যি বাক্যই মুছলিমসকলৰ মাজত থকা পৰস্পৰ সম্পৰ্কক মজবুত কৰিব। তেখেতে কৈছে (হে আল্লাহৰ বান্দাসকল! তোমালোকে ইজনে সিজনৰ সৈতে ভাতৃত্ববন্ধনত আৱদ্ধ হৈ যোৱা) ভাতৃত্ববোধ হৈছে এনেকুৱা এটা বান্ধোন যাৰ যোগেদি মানুহৰ মাজত সুস্থ সম্পৰ্ক গঢ়ি উঠে আৰু সিহঁতৰ মাজত মুহাব্বত আৰু ঘনিষ্টতা বৃদ্ধি পায়।