নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শপত খাই কৈছে যে, অচিৰেই ঈছা ইবনে মৰিয়ম আলাইহিচ্ছাম অৱতৰণ কৰিব, আৰু মানুহৰ মাজত তেওঁ চৰীয়তে মুহাম্মদী মুতাবিক ন্যায়ৰ সৈতে শাসন কৰিব। লগতে তেওঁ, সেই ক্ৰচ ভাঙি পেলাব যিটোক খ্ৰীষ্টানসকলে সন্মান কৰে। ঈছা আলাইহিচ্ছালামে গাহৰি বধ কৰিব। কৰ নিঃশেষ কৰিব আৰু সকলো লোককে ইছলাম গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব। সেই সময়ত ধন-সম্পদ ইমানেই বৃদ্ধি পাব যে, কোনেও সেয়া গ্ৰহণ কৰিবলৈ ইচ্ছুক নহ'ব। কাৰণ তেতিয়া সকলোৰে হাতত অধিক পৰিমান সম্পদ থাকিব, বৰকত আৰু কল্যাণ অবিৰামভাৱে অৱতৰণ কৰিব।