উছমান আশ্ব-শ্বাহহাম আৰু ফাৰকাদ ছাবাখীয়ে মহামান্য চাহাবীয়ে ৰাছুল আবু বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পুত্ৰ মুছলিমৰ ওচৰলৈ গৈ সুধিলে যে, তেওঁ তেওঁৰ পিতৃৰ পৰা মুছলিমসকলৰ মাজত হোৱা যুদ্ধ বিগ্ৰহ আৰু ফিতনা সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পৰা কোনো হাদীছ বৰ্ণনা কৰা শুনিছে নেকি? তেওঁ ক'লেঃ হয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, তেখেতৰ মৃত্যুৰ পিছত ফিতনা দেখা দিব। এই ফিতনাৰ সময়ছোৱাত ফিতনাৰ মাজত চলমান ব্যক্তিতকৈ ফিতনা সম্পৰ্কে অমনোযোগী হৈ বহি থকা ব্যক্তি উত্তম। এইদৰে ফিতনা সম্পৰ্কে সন্ধান কৰি তাত অংশ লোৱা ব্যক্তিতকৈ চলমান ব্যক্তি বেছি উত্তম। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিক দিশ-নিৰ্দেশনা দিছে, যাৰ জীৱন কালত এনেকুৱা ফিতনাই দেখা দিব অথবা সংঘটিত হ'ব, যদি তেওঁ এই ফিতনাৰ পৰা ৰক্ষা পোৱাৰ কোনো আশ্ৰয়স্থল পায়, তেন্তে তেওঁ তাত আশ্ৰয় লোৱা উচিত। এতেকে যাৰ ওচৰত উট আছে, তেওঁ নিজকে উটৰ চোৱাচিতাৰ কামত নিয়োগ কৰি ব্যস্ত থকা উচিত। এইদৰে যাৰ ওচৰত ছাগলী আছে, তেওঁ ছাগলীৰ চোৱাচিতাৰ কামতে নিজক ব্যস্ত ৰখা উচিত। এইদৰে যাৰ খেতি বাতি আছে, তেওঁ খেতি বাতিত ব্যস্ত থকা উচিত। এই কথা শুনি এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! যদি কাৰো ওচৰত উট ছাগলী অথবা খেতি বাতি একো নাথাকে, তেওঁ কি কৰিব? তেখেতে কৈছেঃ তেন্তে তেওঁ যেন নিজৰ অস্ত্ৰ বা তৰোৱালক নিষ্ক্ৰিয় কৰি দিয়ে, আৰু ইয়াৰ পৰা ৰক্ষা পাবলৈ নিজৰ সন্তান সন্ততিক লৈ বেলেগ ঠাইলৈ গুচি যায়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহক সাক্ষী কৰি তিনিবাৰ কৈছেঃ হে আল্লাহ! মই মোৰ বাৰ্তা পৌঁচাই দিছোঁনে? হে আল্লাহ! মই মোৰ বাৰ্তা পৌঁচাই দিছোঁনে? হে আল্লাহ! মই মোৰ বাৰ্তা পৌঁচাই দিছোঁনে? এই কথা শুনি এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! যদি কোনোবাই মোক বাধ্য কৰি কোনো এটা শাৰীত থিয় কৰোৱায় অথবা দুয়ো দলৰ যিকোনো এটাত অংশীদাৰ কৰে, আৰু বিপৰীত পক্ষই মোৰ ওপৰত তৰোৱালেৰে আক্ৰমণ কৰে, নাইবা কাঁড় নিক্ষেপ কৰি মোক হত্যা কৰে, তেনে ক্ষেত্ৰত মোৰ পৰিণাম কি হ'ব? তেখেতে ক'লেঃ সি তোমাৰ আৰু নিজৰ গুনাহ লৈ উভতিব। লগতে কিয়ামতৰ দিনা সি জাহান্নামীসকলৰ অন্তৰ্ভুক্ত হ'ব।