হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আমাৰ ওপৰত এনেকুৱা শাসকে শাসন চলাব, যিসকলৰ কিছুমান কাম ভাল হ'ব অৰ্থাৎ চৰীয়ত সন্মত, আৰু কিছুমান হ'ব অসৎ অৰ্থাৎ চৰীয়ত বিৰোধী। এতেকে সিহঁতৰ বেয়া কামবোৰক খণ্ডন কৰাৰ যাৰ ক্ষমতা নাই তেওঁ যদি অন্তৰেৰে সেইবোৰক ঘৃণা কৰে তেন্তে তেওঁ নিফাক আৰু গুনাহৰ পৰা দায়মুক্ত হৈ যাব। এইদৰে যাৰ ওচৰত হাত আৰু মুখৰ দ্বাৰা সেইবোৰৰ প্ৰতিবাদ কৰাৰ ক্ষমতা আছে আৰু তেওঁ যদি সেই ক্ষমতাৰ সদ্ব্যৱহাৰ কৰে তেন্তে তেৱোঁ গুনাহৰ পৰা ৰক্ষা পাব আৰু সিহঁতৰ এই পাপকৰ্মত লিপ্ত হোৱাৰ পৰা সুৰক্ষিত থাকিব। আনহাতে যিয়ে সিহঁতক সমৰ্থন কৰিব আৰু সিহঁতৰ অনুসৰণ কৰিব, সি সিহঁতৰ দৰেই ধ্বংস হ'ব। ইয়াৰ পিছত চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলেঃ এনেকুৱা বৈশিষ্ট্য থকা শাসকৰ বিৰুদ্ধে আমি যুদ্ধ নকৰিমনে? এই কথা শুনি তেখেতে তেওঁলোকক নিষেধ কৰিলে আৰু ক'লেঃ নহয়, সিহঁতৰ লগত তেতিয়ালৈকে যুদ্ধ নকৰিবা যেতিয়ালৈকে সিহঁতে নামাজ পঢ়িব।