হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, যিয়ে ৰাষ্ট্ৰপ্ৰধানৰ আনুগত্যৰ পৰা ওলাই যাব তথা সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰনেতাৰ বাইআত গ্ৰহণ কৰা ইছলামিক জামাত ত্যাগ কৰিব, যদি এনেকুৱা ব্যক্তিৰ সেই অৱস্থাতে মৃত্যু হয় অৰ্থাৎ জামাত পৰিত্যাগ কৰা অৱস্থাত তথা আনুগত্য নকৰা অৱস্থাত মৃত্যু হয় তেন্তে সি জাহেলী অৱস্থাত মৃত্যুবৰণ কৰিলে, কাৰণ জাহেলী যুগত লোকসকলে আমীৰৰ আনুগত্য কৰা নাছিল আৰু জামাতবদ্ধও নাছিল, বৰং সিহঁত বিভিন্ন ফিৰ্কা আৰু শিবিৰত গোট খাইছিল, যিসকলে ইজনে সিজনৰ সৈতে যুদ্ধ কৰিছিল। এইদৰে যি ব্যক্তিয়ে এনেকুৱা পতাকাৰ নেতৃত্বত যুদ্ধ কৰে য'ত সত্য অসত্যৰ মাজত কোনো পাৰ্থক্য নাই, অৰ্থাৎ যিয়ে কেৱল জাতীয়তাবাদ বা বংশৰ কাৰণে ক্ৰোধ প্ৰদৰ্শন কৰে, দ্বীন আৰু সত্যৰ কাৰণে নহয়। ফলত সি নিজৰ চাহিদা পূৰণৰ বাবে তথা আক্রোশ দমন কৰিবলৈ সঁচা মিছা পাৰ্থক্য নকৰাকৈ যুদ্ধ কৰে। এই অৱস্থাতে যদি সি নিহত হয় তেন্তে সি জাহেলী অৱস্থাত মৃত্যবৰণ কৰিব। এইদৰে যিয়ে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ পৰা বিদ্ৰোহ কৰি উম্মতৰ ভাল বেয়া লোকসকলক হত্যা কৰে, কোনে কি কৰে তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰে, আনকি মুমিন ব্যক্তিক হত্যা কৰাৰ ক্ষেত্ৰতো অকণো কুণ্ঠাবোধ নকৰে আৰু ইয়াৰ শাস্তিৰ পৰাও ভয় নকৰে। এইদৰে অংগীকাৰ কৰা লোকসকলৰ সৈতে অংগীকাৰো পূৰণ নকৰে, এইটো হৈছে কাবীৰাহ গুনাহ তথা মহা পাপ। গতিকে যিয়েই এনেকুৱা কাম কৰিব সিয়েই এই কঠিন সতৰ্কবাণীৰ আওতাত পৰিব।