নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এজন মুছলিমৰ ওপৰত থকা আন এজন মুছলিমৰ কিছুমান অধিকাৰৰ বিষয়ে উল্লেখ কৰিছে। তাৰে প্ৰথম অধিকাৰটো ছালাম দিয়া ব্যক্তিৰ ছালামৰ উত্তৰ দিয়া। দ্বিতীয় অধিকাৰটো হৈছে, বেমাৰীক শুশ্ৰূষা কৰা আৰু সাক্ষাৎ কৰা। তৃতীয় অধিকাৰটো হৈছে, ঘৰৰ পৰা জানাজা পঢ়াৰ স্থানলৈকে অনুসৰণ কৰা আৰু জানাজা পঢ়াৰ পিছত কবৰস্থানলৈকে যোৱা আৰু দাফন কাৰ্যত চামিল হোৱা। চতুৰ্থ অধিকাৰটো হৈছে, যদি কোনোবাই অলীমা আদিৰ নিমন্ত্ৰণ কৰে তেন্তে সেই নিমন্ত্ৰণ গ্ৰহণ কৰা। পঞ্চম অধিকাৰটো হৈছে, হাঁচি কৰা ব্যক্তিয়ে যদি আলহাম্দুলিল্লাহ কয় তেন্তে তাৰ উত্তৰত ক'ব য়াৰহামুকাল্লাহ। ইয়াৰ পিছত হাঁচিকাৰীয়ে আকৌ ক'ব, য়াহদিকুমুল্লাহু ৱা ইউচলিহু বা-লাকুম।