আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হাঁচি কৰিছিল, তেতিয়া তেখেতে মুখত, হাত অথবা কাপোৰ ৰাখিছিল আৰু শব্দ কম কৰাৰ বা লাঘৱ কৰাৰ চেষ্টা কৰিছিল। ছহীহ - (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
explain-icon

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হাঁচি কৰিছিলঃ প্ৰথমঃ হাত অথবা কাপোৰ নিজৰ মুখৰ ওপৰত ৰাখিছিল। যাতে মুখৰ পৰা অথবা নাকৰ পৰা ওলোৱা কোনো বস্তুৱে ওচৰত থকা লোকক কষ্ট নিদিয়ে। দ্বিতীয়ঃ শব্দ লাঘৱ কৰাৰ চেষ্টা কৰিছিল, যাতে উচ্চ নহয়।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰা হাঁচিৰ নিয়ম-নীতি বৰ্ণিত হৈছে। গতিকে ইয়াৰ অনুসৰণ কৰা উচিত।
  • হাঁচি কৰাৰ সময়ত মুখত আৰু নাকত কাপোৰ অথবা ৰুমাল ৰখা মুস্তাহাব। যাতে মুখ বা নাকৰ পৰা ওলোৱা কোনো বস্তুৱে ওচৰৰ লোকক কষ্ট নিদিয়ে।
  • হাঁচি কৰাৰ সময়ত শব্দ লাঘৱ কৰিব লাগে। এইটো হৈছে পূৰ্ণাংগ আদব তথা উত্তম চৰিত্ৰ।
explain-icon

অধিক