নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম এটা ছুন্নত হৈছে এই যে, তেখেতে ফজৰৰ নামাজ আদায় কৰাৰ পিছত সূৰ্য্য উদয় নোহোৱালৈকে সেই ঠাইতে বহি থাকিছিল। য'ত তেখেতে নামাজ পঢ়িছিল, সেই ঠাইতে বহি থাকিছিল সূৰ্যোদয় নোহোৱালৈকে। সূৰ্য্য উদয় হোৱাৰ পিছত তেখেত উঠি গুচি গৈছিল। এই সময়ছোৱাত চাহাবাসকলে প্ৰাক-ইছলামী যুগৰ কিছুমান ঘটনা আলোচনা কৰিছিল, আৰু তেখেতে মনে মনে সেইবোৰ শুনিছিল। তেওঁলোকে মাজে মাজে হাঁহিছিল, তেখেতেও মাজে মাজে মিচিকিয়া হাঁহিছিল।