নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ উম্মতীসকলক নিৰ্দেশনা দি কৈছে যে, মছজিদত প্ৰৱেশ কৰাৰ সময়ত এই দুআ পাঠ কৰা উচিত। ("আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক") অৰ্থাৎ আল্লাহৰ ওচৰত এই দুআ কৰা উচিত যে, যাতে আল্লাহে তাৰ বাবে ৰহমতৰ যাৱতীয় উপায় সহজ কৰি দিয়ে। আনহাতে ওলোৱাৰ সময়ত এই দুআ কোৱা উচিতঃ ("আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক") অৰ্থাৎ আল্লাহৰ ওচৰত এই দুআ কৰা উচিত যাতে আল্লাহে আৰু অধিক হালাল জীৱিকা প্ৰদান কৰি এহছান কৰে।