নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, এজন মুছলিমৰ আন এজন মুছলিমৰ প্ৰতি ছয়টা বিষয় অনিবাৰ্য্য। প্ৰথমঃ লগ পালে ছালাম দিব লাগে, অৰ্থাৎ এইদৰে ক'ব লাগেঃ আচ্ছালামু আলাইকুম, আৰু ইয়াৰ উত্তৰত ক'ব লাগেঃ ওৱা আলাইকুমুচ্ছালাম। দ্বিতীয়ঃ যদি কোনোবাই নিমন্ত্ৰণ কৰে তেন্তে গ্ৰহণ কৰিব লাগে। তৃতীয়ঃ যদি কোনোবাই পৰামৰ্শ বিচাৰে, তেন্তে সেই ক্ষেত্ৰত তৈলমৰ্দন বা চাটুকাৰিতা অথবা প্ৰতাৰণা আদি কৰিব নালাগে। চতুৰ্থঃ যদি হাঁচি কৰি আলহাম্দুলিল্লাহ কয়, তেন্তে তাৰ উত্তৰত এইদৰে ক'ব লাগেঃ য়াৰহামুকাল্লাহ। ইয়াৰ উত্তৰত পুনৰ হাঁচি কৰা ব্যক্তিয়ে ক'ব লাগেঃ য়াহদীকুমুল্লাহু ওৱা য়ুচলিহু বা-লাকুম। পঞ্চমঃ বেমাৰত পৰিলে খা-খবৰ ল'বলৈ যাব লাগে তথা শুশ্ৰূষা কৰিব লাগে। ষষ্ঠঃ মৃত্যুবৰণ কৰিলে জানাযাত অংশগ্ৰহণ কৰিব লাগে, আৰু দাফন কৰিবলৈ জানাযাৰ পিছে পিছে যাব লাগে।