নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ বৈঠকত ছাবিত ইবনে কায়েছক অনুপস্থিত পালে, সেয়ে তেখেতে তেওঁৰ বিষয়ে উপস্থিত লোকসকলক সুধিলে। এজনে ক'লে যে, মই তেওঁৰ বিষয়ে খবৰ আনি দিব পাৰিম, তেওঁ কিয় অনুপস্থিত। ফলত সেই ব্যক্তিজন তেওঁৰ ঘৰলৈ গ'ল আৰু দেখা পালে যে, তেওঁ চিন্তামনে মূৰ নত কৰি বহি আছে। সেই ব্যক্তিজনে তেওঁক সুধিলেঃ তোমাৰ কি হৈছে? ছাবিত ৰাদ্বিয়াল্লাহু আনহুৱে উত্তৰত তেওঁৰ অসুবিধাৰ কথাখিনি বিৱৰি ক'লে যে, তেওঁৰ আৱাজ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আৱাজতকৈ উচ্চ, আনহাতে আল্লাহে নবীৰ আৱাজৰ ওপৰত কাৰো আৱাজ উঠিলে আমল বাতিল হোৱাৰ প্ৰতিশ্ৰুতি দিছে, এই হিচাপত তেওঁ জাহান্নামী হ'ব। এই কথা শুনি ব্যক্তিজন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ উভতি আহিল আৰু তেখেতক সকলো কথা বিৱৰি ক'লে। ইয়াৰ পিছত তেখেতে সেই ব্যক্তিজনক আকৌ ছাবিতৰ ওচৰলৈ এটা মহাসুসংবাদ দি প্ৰেৰণ কৰিলে যে, তেওঁ জাহান্নামী নহয়, বৰং তেওঁ হৈছে জান্নাতী। তেওঁৰ আৱাজ জন্মগতভাৱেই উচ্চ আছিল, তেওঁ আছিল ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খতীব আৰু আনচাৰসকলৰ খতীব।