আমিৰুল মুমিনীন ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে কাবা গৃহৰ কোণত থকা হাজাৰে আছৱাদৰ ওচৰলৈ আহি চুমা খাই কৈছিলঃ মই এই কথা নিশ্চিতভাৱে জানো যে, তুমি হৈছা এডোখৰ শিল, তুমি কাৰো ক্ষতিও কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। কিন্তু মই যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তোমাক চুমা খোৱা নেদেখিলোঁহেঁতেন তেন্তে মই কেতিয়াও তোমাক চুমা নাখালোঁহেঁতেন।