নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মানুহৰ মাজত সৰ্বোত্তম শ্ৰেণীৰ লোক হৈছে সেইসকল লোক, তথা সৰ্বোত্তম যুগ হৈছে সেইটো যুগ, যিটো যুগত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ চাহাবাসকল আছিল। ইয়াৰ পিছৰ শ্ৰেণীটো হৈছে সেই যুগৰ লোক, যিসকলে চাহাবাসকলক লগ পাইছিল কিন্তু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক লগ পোৱা নাছিল। ইয়াৰ পিছৰ সৰ্বোত্তম যুগটো হৈছে তাবে তাবেঈনসকলৰ। কিন্তু ইয়াৰ পিছত চতুৰ্থ যুগ সম্পৰ্কে বৰ্ণনাকাৰী চাহাবীয়ে নিশ্চিত নাছিল যে, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে চতুৰ্থ যুগ সম্পৰ্কে উল্লেখ কৰিছিল নে নাই। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, এই কেইটা যুগ অতিক্ৰম কৰাৰ পিছত এনেকুৱা লোকৰ আবিৰ্ভাৱ হ'ব, যিসকলৰ মাজত বিশ্বাসঘাতকতা বিয়পি পৰিব, মানুহৰ মাজত সততা লুপ্ত হ'ব। সাক্ষ্য দিবলৈ নোকোৱাৰ আগতে সাক্ষ্য দিবলৈ উপস্থিত হ'ব। সিহঁতে মান্নত কৰিব, কিন্তু মান্নত পূৰণ নকৰিব। সিহঁতে খোৱা-বোৱাৰ ক্ষেত্ৰত অভাৱ অনাটনৰ সন্মুখীন নহ'ব, ফলত সিহঁতৰ শৰীৰত চৰ্বী দেখা দিব।