তাবেয়ী মালিক বিন আনাছে জনাইছে যে, তেওঁৰ ওচৰত কেইটামান স্বৰ্ণমুদ্ৰা আছিল, যিবোৰ তেওঁ ৰৌপ্যমুদ্ৰাৰ জৰিয়তে বিনিময় কৰিব বিচাৰিছিল। ত্বলহা বিন উবাইদুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক ক'লেঃ তোমাৰ স্বৰ্ণমুদ্ৰাখিনি আমাক দেখুৱাচোন। ইয়াৰ পিছত তেওঁ ক্ৰয় কৰিবলৈ সন্মতি দিয়াৰ পিছত ক'লে যে, তুমি পিছত আহি তোমাৰ ৰৌপ্যমুদ্ৰা লৈ যাবা, যেতিয়া আমাৰ খাদিম আহি পাব। সেই বৈঠকত ওমৰ ৰাদ্বিয়াল্লাহু আনহু উপস্থিত আছিল। তেখেতে এই ধৰণৰ লেনদেন দেখি বাধা প্ৰদান কৰিলে আৰু আল্লাহৰ শপত খাই ত্বলহাক কলে যে, তুমি এতিয়াই ৰৌপ্যমুদ্ৰা দিয়াৰ ব্যৱস্থা কৰা, অন্যথা তেওঁৰ স্বৰ্ণমুদ্ৰা ঘূৰাই দিয়া। ইয়াৰ কাৰণ উল্লেখ কৰি কলে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে স্বৰ্ণৰ বিনিময়ত ৰূপৰ লেনদেন অথবা ৰূপৰ বিনিময়ত স্বৰ্ণৰ লেনদেনৰ ক্ষেত্ৰত লগে লগে আদান-প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। অন্যাথা এইটো সুতত পৰিণত হব যিটোক হাৰাম কৰা হৈছে। গতিকে ইটো হাতেৰে লোৱা আৰু সিটো হাতেৰে প্ৰদান নকৰাকৈ তথা লগে লগে আদান-প্ৰদান নকৰাকৈ সোণ-ৰূপৰ বিনিময় বা ক্ৰয়-বিক্ৰয় বৈধ নহয়। এইদৰে ঘেঁহু, যৱ, খেজুৰ আদিৰ ক্ষেত্ৰতো একে শ্ৰেণীৰ, একেই পৰিমাণৰ, সমান ওজনৰ, লগে লগে বিনিময় কৰিব লাগিব। এইবোৰ পলমকৈ বিনিময় কৰা বৈধ নহয়। আয়ত্তত নোলোৱাকৈ পৃথক হোৱাও বৈধ নহয়।