নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সুদত জৰিত হ'ব পৰা ছয়টা দ্ৰৱ্যৰ সঠিক ক্ৰয়-বিক্ৰয়ৰ পদ্ধতি শিকাইছে। সেই ছয়টা দ্ৰৱ্য হৈছে, সোণ, ৰূপ, ঘেঁহু, যৱ, খেজুৰ আৰু নিমখ। এতেকে এইবোৰ দ্ৰৱ্য যদি একে জাতীয় দ্ৰৱ্যৰে ক্ৰয়-বিক্ৰয় কৰা হয়, যেনে- সোণৰ জৰিয়তে সোণ, ৰূপৰ জৰিয়তে ৰূপ, তেনে ক্ৰয়-বিক্ৰয়ত দুটা চৰ্ত আৱশ্যকঃ প্ৰথমঃ ওজনকৃত দ্ৰৱ্যৰ ওজন সমান হ'ব লাগিব, যেনে- সোণ, ৰূপ আদি। জোখি ল'বলগীয়া দ্ৰৱ্যৰ পৰিমাণো সমান হ'ব লাগিব, যেনে- ঘেঁহু, যৱ, খেজুৰ, নিমখ আদি। দ্বিতীয়ঃ ক্ৰয়-বিক্ৰয়ৰ বৈঠকতে দ্ৰৱ্য আৰু মূল্য আদান প্ৰদান হ'ব লাগিব। কিন্তু যদি একে জাতীয় দ্ৰৱ্যৰ দ্বাৰা ক্ৰয়-বিক্ৰয় কৰা নহয়, উদাহৰণস্বৰূপে যদি ৰূপৰ দ্বাৰা সোণ ক্ৰয় কৰা হয় বা ঘেঁহুৰ দ্বাৰা খেজুৰ ক্ৰয় কৰা হয় তেন্তে ইয়াৰ বাবে কেৱল এটা চৰ্তই যথেষ্ট, সেয়া হৈছেঃ ক্ৰয়-বিক্ৰয়ৰ বৈঠকতে ক্ৰেতাই দ্ৰৱ্য বুজি ল'ব আৰু বিক্ৰেতাই মূল্য গ্ৰহণ কৰিব লাগিব। অন্যথা সেই ক্ৰয়-বিক্ৰয় বাতিল বুলি গণ্য হ'ব। লগতে ক্ৰেতা আৰু বিক্ৰেতা উভয়ে সুদৰ সৈতে জৰিত হ'ব, যিটোক হাৰাম কৰা হৈছে।