এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! মই সকলো প্ৰকাৰ গুনাহ কৰিছোঁ, সৰু বৰ কোনো গুনাহেই মই বাদ দিয়া নাই, এতিয়া মোক ক্ষমা কৰা হ'বনে? তেতিয়া তেওঁক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তুমি এই সাক্ষ্য দিয়া নাইনে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল? তেখেতে এই কথা তিনিবাৰ কৈছিল। সেই ব্যক্তিয়ে উত্তৰ দিলে, হয় মই সাক্ষ্য দিছোঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিজনক শ্বাহাদত কলিমাৰ গুৰুত্ব সম্পৰ্কে জনাই ক'লে যে, এই কথাৰ স্বীকাৰোক্তি দিলে গুনাহ মাৰ্জিত হয় আৰু তাওবা কৰিলে পূৰ্বৱৰ্তী সকলো গুনাহ মাফ হৈ যায়।