হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বান্দাৰ ওপৰত থকা আল্লাহৰ হক আৰু আল্লাহৰ ওপৰত থকা বান্দাৰ হক সম্পৰ্কে স্পষ্টভাৱে বৰ্ণনা কৰিছে। এতেকে বান্দাৰ ওপৰত আল্লাহৰ হক হৈছে, সিহঁতে যেন একমাত্ৰ আল্লাহৰেই ইবাদত কৰে আৰু তেওঁৰ সৈতে আন কাকো যেন অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওপৰত বান্দাৰ হক হৈছে, তেওঁ যেন তাওহীদ পন্থী লোকসকলক শাস্তি প্ৰদান নকৰে, অৰ্থাৎ যিসকলে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই। ইয়াৰ পিছত মুআজে ক'লেঃ হে আল্লাহৰ ৰাছুল! এই সুসংবাদটো মই মানুহক জনাই দিওঁনে, যাতে মানুহে আনন্দিত হয় আৰু এই অনুগ্ৰহক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক বিষয়টো জনাবলৈ নিষেধ কৰিলে, এই আশংকাত যে হয়তো মানুহে ইয়াৰ ওপৰত ভৰসা কৰি আমল কৰা পৰিত্যাগ কৰিব।