হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেইটামান বিষয় উল্লেখ কৰিছে যিবোৰ হৈছে শ্বিৰ্ক। যেনে- প্ৰথমঃ (আৰবী শব্দ) আৰ-ৰুকা। এইটো হৈছে এনেকুৱা কিছুমান শ্বিৰ্কিয়্যা বাক্য, যিবোৰ বাক্যৰ দ্বাৰা অজ্ঞতাযুগৰ লোকসকলে মানুহক জৰাফুঁকা কৰি চিকিৎসা কৰিছিল। দ্বিতীয়ঃ তাৱিজ-কবচ আদি। এইবোৰ হৈছে কুঃদৃষ্টি আদিৰ পৰা ৰক্ষা পাবলৈ শিশু আৰু জীৱ-জন্তুৰ শৰীৰত ওলোমাই দিয়া বস্তু। তৃতীয়ঃ তিৱালাহ। এইটো হৈছে এনেকুৱা শ্বিৰ্কিয়্যাহ কবিৰাজি যিটোৰ দ্বাৰা পতি-পত্নীৰ যিকোনো এজনক প্ৰেমত আকৰ্ষিত কৰিবলৈ অৱলম্বন কৰা হয়। এই সকলোবোৰ হৈছে শ্বিৰ্কিয়্যা কৰ্ম। কাৰণ এইবোৰক উপায় হিচাপে অৱলম্বন কৰা হয় কিন্তু প্ৰকৃততে এইবোৰ চৰীয়তৰ দলীলেৰে প্ৰমাণিত নহয়, আনকি প্ৰাকৃতিক কোনো অভিজ্ঞতাৰ দ্বাৰাও প্ৰমাণিত নহয়। আনহাতে চৰীয়তে নিৰ্ধাৰণ কৰা উপায় হৈছে, কোৰআন তিলাৱত কৰা, অথবা বাহ্যিক কোনো ঔষণ গ্ৰহণ কৰা, যিবোৰৰ কাৰ্যকাৰিতা প্ৰমাণিত। কিন্তু সেইবোৰকো কেৱল মাধ্যম হিচাপেহে বিশ্বাস কৰি ব্যৱহাৰ কৰা বৈধ। কাৰণ উপকাৰ আৰু অপকাৰৰ ক্ষমতা হৈছে একমাত্ৰ আল্লাহৰ হাতত।