নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, নিজকে আৰু আনকো সৰ্বতো প্ৰকাৰে ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰা উচিত। সেয়ে নিজকে বা আন কাৰোবাক কোনো পধ্যেই ক্ষতি কৰা উচিত নহয়। এইদৰে ক্ষতিৰ জৰিয়তে ক্ষতিৰ প্ৰতিশোধ লোৱাও উচিত নহয়। কাৰণ ক্ষতিৰ জৰিয়তে কেতিয়াও ক্ষতিক দূৰ কৰিব নোৱাৰি। কিচাচৰ বিষয়টো সুকীয়া, কিয়নো সেইটো ন্যায়ভিত্তিক কৰা হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা সতৰ্কবাণী প্ৰদান কৰিছে যে, যিয়ে মানুহক ক্ষতি কৰিব সি নিজেই ক্ষতিগ্ৰস্ত হ'ব আৰু যিয়ে আনক কষ্ট দিব, সি নিজেই কষ্ট পাব।