হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যদি কোনো মুচল্লীৰ পেটত কিবা অনুভৱ হোৱাৰ পিছত সি সন্দেহত পতিত হয় যে, কিবা ওলালেই নেকি? তেনেকুৱা ব্যক্তিয়ে কেৱলমাত্ৰ সন্দেহৰ বশৱৰ্তী হৈ নামাজ ভংগ কৰি পুনৰ অজু কৰাৰ প্ৰয়োজন নাই। কিন্তু হয়, যদি অজু ভংগ হৈছে বুলি সি নিশ্চিত হয় তেন্তে বিষয়টো সুকীয়া। অৰ্থাৎ যদি বায়ু ওলোৱাৰ শব্দ পায়, অথবা গোন্ধ পায়। কিয়নো সন্দেহৰ বশৱৰ্তী হৈ য়াক্বীনক নাকচ কৰিব নোৱাৰি। যিহেতু সি যে অজু কৰিছে এইটো নিশ্চিত, কিন্তু অজু ভংগ হৈছে নে নাই এইটোহে সন্দেহযুক্ত।