নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, নিজকে আৰু আনকো সৰ্বতো প্ৰকাৰে ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰা উচিত। সেয়ে নিজকে বা আন কাৰোবাক কোনো পধ্যেই ক্ষতি কৰা উচিত নহয়। এইদৰে ক্ষতিৰ জৰিয়তে ক্ষতিৰ প্ৰতিশোধ লোৱাও উচিত নহয়। কাৰণ ক্ষতিৰ জৰিয়তে কেতিয়াও ক্ষতিক দূৰ কৰিব নোৱাৰি। কিচাচৰ বিষয়টো সুকীয়া, কিয়নো সেইটো ন্যায় ভিত্তিক কৰা হয়।