মৰুবাসী বেদুইন এজন আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিলে যে, তেখেতে যাতে তেওঁক এনেকুৱা কোনো আমলৰ বিষয়ে পথনিৰ্দেশনা দিয়ে, যিটো কৰিলে তেওঁ জান্নাতত প্ৰৱেশ কৰিব পাৰিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াক উত্তৰ প্ৰদান কৰিলে যে, জান্নাতত প্ৰৱেশ কৰাৰ আৰু জাহান্নামৰ পৰা নাজাত পোৱাৰ উপায় হৈছে, আৰকানে ইছলামৰ প্ৰতি আমল কৰা। অৰ্থাৎ একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰা। আল্লাহে তেওঁৰ বান্দাসকলৰ প্ৰতি দিনে ৰাতি যি পাঁচ ওৱাক্ত নামাজ অনিবাৰ্য কৰিছে, সেইটো সময়মতে আদায় কৰা। ধন-সম্পদৰ পৰা জাকাত আদায় কৰা, যিটো আল্লাহে তোমাৰ ওপৰত অনিবাৰ্য কৰিছে, আৰু সেইটো হিতাধিকাৰীসকলৰ মাজত বণ্টন কৰা। এইদৰে ৰমাজান মাহৰ ৰোজা সময়ত আদায় কৰিবা। তেতিয়া সেই ব্যক্তিজনে ক'লে, সেই সত্ত্বাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে, মই আপোনাৰ পৰা বাধ্যতামূলক যিবোৰ আমল সম্পৰ্কে শুনিলোঁ, ইয়াতকৈ বেছিও একো নকৰোঁ আৰু ইয়াতকৈ কমো নকৰোঁ। যেতিয়া ব্যক্তিজন, উভতি গৈ আছিল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ জান্নাতী ব্যক্তি চাবলৈ যিয়ে আগ্ৰহী, তেওঁ এই বেদুইনক চোৱা উচিত।