নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক মহা কাবীৰাহ গুনাহ সম্পৰ্কে কৈ এই তিনিটা কথা উল্লেখ কৰিছেঃ ১. আল্লাহৰ সৈতে শ্বিৰ্ক কৰাঃ অৰ্থাৎ ইবাদতৰ যিমান প্ৰকাৰ আছে সেইবোৰৰ যিকোনো এটা প্ৰকাৰক আল্লাহৰ বাহিৰে আনৰ বাবে কৰা, অথবা আল্লাহৰ বাহিৰে কোনো সত্তাক আল্লাহৰ উলুহিয়্যত, ৰুবুবিয়্য়ত, আছমা অচিফাত আদিৰ ক্ষেত্ৰত সমতুল্য বুলি জ্ঞান কৰা। ২. পিতৃ-মাতৃৰ অবাধ্য হোৱাঃ অৰ্থাৎ পিতৃ-মাতৃক কোনো ধৰণৰ কষ্ট দিয়া, কথাৰ দ্বাৰাই হওক বা কৰ্মৰ দ্বাৰা। এইদৰে তেওঁলোকৰ সৈতে সদ্ব্যৱহাৰ নকৰা আদি ইয়াৰ অন্তৰ্ভুক্ত। ৩. মিছা কথা কোৱা আৰু মিছা সাক্ষ্য দিয়াঃ অৰ্থাৎ যিকোনো প্ৰকাৰৰ মিছা কথা আৰু মিছা কৰ্ম যাৰ দ্বাৰা কাৰোবাৰ সন্মান হানি কৰা হয় বা কাৰোবাৰ সম্পদ গ্ৰাস কৰা হয়। মিছা কথা অতিকৈ জঘন্য আৰু সমাজত ইয়াৰ খুবেই বেয়া প্ৰভাৱ পৰে, সেইকাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ পৰা বাৰে বাৰে সতৰ্ক কৰিছে। অৱশেষত চাহাবাসকলে মনে মনে তেখেতৰ মৌনতা কামনা কৰিছিল, কাৰণ তেখেতৰ প্ৰতি তেওঁলোকৰ পূতৌ জন্মিছিল, এইকাৰণে যে, এনেকুৱা ঘৃণনীয় বিষয় এটাই তেখেতক আমনি কৰি আছে।