explain-icon

ব্যাখ্যা

ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক এনেকুৱা কোনো কাম কৰিবলৈ তথা এনেকুৱা কোনো কথা ক'বলৈ নিষেধ কৰিছে, যাৰ বাবে অপ্ৰয়োজনীভাৱে কষ্ট কৰিব লাগে।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • এই হাদীছটোত যি তাকাল্লুফৰ পৰা নিষেধ কৰা হৈছে, সেইটো হৈছে যেনে- অধিক প্ৰশ্ন কৰা, অথবা এনেকুৱা কোনো কাম কৰা যিটোৰ বিষয়ে কোনো জ্ঞান নাই, অথবা কোনো কামক এনেকৈ কঠিন বনাই লোৱা,য'ত আল্লাহে প্ৰশস্ততা ৰাখিছে।
  • প্ৰতিজন মুছলিমে নিজৰ মাজত উদাৰতা ৰাখিব লাগে, লগতে খোৱা-বোৱা, কথা-বতৰা আৰু অন্যান্য বিষয়ত অনাৱশ্যক কষ্টৰ পৰা বিৰত থাকিব লাগে।
  • ইছলাম হৈছে এটা সৰল তথা সহজ ধৰ্ম।