নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলে যে, তোমালোকে জানানে অভাৱী কোন? তেওঁলোকে ক'লে যে, আমাৰ দৃষ্টিত অভাৱী হৈছে যাৰ ওচৰত কোনো টকা পইচা নাই আৰু কোনো সা-সামগ্ৰী নাই। তেখেতে ক'লেঃ প্ৰকৃত অভাৱী হৈছে সেই ব্যক্তি, যিয়ে কিয়ামতৰ দিনা বহুতো নেক আমল লৈ উপস্থিত হ'ব, যেনে- নামাজ, ৰোজা, জাকাত আদি, কিন্তু সি পৃথিৱীত কাৰোবাক গালি পাৰিছিল, কাৰোবাৰ সন্মানহানী কৰি অপবাদ জাপি দিছিল, কাৰোবাৰ সম্পদ আত্মসাৎ কৰিছিল, কাৰোবাৰ তেজ প্ৰবাহিত কৰিছিল তথা অত্যাচাৰ কৰিছিল, কাৰোবাক অপমান কৰিছিল তথা আক্ৰমণ কৰিছিল। সেয়ে তাৰ নেকীসমূহৰ পৰা নিৰ্যাতিত ব্যক্তিক বিনিময় হিচাপে প্ৰদান কৰা হ'ব। এতেকে যেতিয়া তাৰ সকলো নেকী শেষ হৈ যাব, তথাপিও মানুহৰ প্ৰাপ্য আদায় নহ'ব, তেতিয়া নিৰ্যাতিত ব্যক্তিৰ গুনাহ লৈ তাৰ ওপৰত নিক্ষেপ কৰা হ'ব। ইয়াৰ পিছত তাক এনেকুৱা অৱস্থাত জাহান্নামত পেলাই দিয়া হ'ব যে, তাৰ ওচৰত কোনো নেকী নাথাকিব।