নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সতৰ্ক কৰিছে যে, পৃথিৱীত যিয়ে জানি বুজি আত্মহত্যা কৰিব, আখিৰাতত তাক জাহান্নামত সেই পদ্ধতিৰেই শাস্তি বিহা হ'ব, যাতে সি পূৰ্ণাংগ শাস্তি লাভ কৰে। এতেকে যিয়ে পাহাৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰিব, জাহান্নামত সি চিৰকাল জাহান্নামৰ পাহাৰৰ পৰা জঁপিয়াই থাকিব। এইদৰে যিয়ে বিষ পান কৰি আত্মহত্যা কৰিব, জাহান্নামত তাৰ হাতত বিষ থাকিব, আৰু চিৰকাল সি সেই বিষ খাই থাকিব। যিয়ে নিজৰ পেটত ছুৰীৰে আঘাত কৰি আত্মহত্যা কৰিব, জাহান্নামত তাৰ হাতত তেনেকুৱাই অস্ত্ৰ থাকিব আৰু সি সেইটোৰে নিজৰ পেটত চিৰকাল ঘপিয়াই থাকিব।