নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত তিনি প্ৰকাৰ লোকৰ বিষয়ে জনাইছে যে, কিয়ামতৰ দিনা সিহঁতে তিনিটা শাস্তিৰ সন্মুখীন হ'ব, যদি সিহঁতে তাওবা নকৰে আৰু যদি সিহঁতৰ শাস্তি ক্ষমা কৰি দিয়া নহয়ঃ প্ৰথম: মহান আল্লাহে তীব্ৰ ক্ৰোধান্বিত হোৱাৰ কাৰণে কিয়ামতৰ দিনা সিহঁতৰ সৈতে কথা নাপাতিব, বৰং তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই ল’ব, অথবা সিহঁতৰ সৈতে এনে ধৰণৰ কথা ক'ব, যি কথাই সিহঁতক সন্তুষ্ট নকৰিব আৰু তেওঁ সিহঁতৰ প্ৰতি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিব।" দ্বিতীয়ঃ তেওঁ সিহঁতক পৱিত্ৰ নকৰিব আৰু সিহঁতৰ কোনো ধৰণৰ প্ৰশংসাও নকৰিব, আৰু সিহঁতৰ গুনাহ খাতাও মাফ নকৰিব। তৃতীয়ঃ আখিৰাতত সিহঁতে অত্যন্ত কষ্টদায়ক শাস্তি ভোগ কৰিব। এই তিনি শ্ৰেণীৰ লোক হৈছেঃ প্ৰথমঃ বৃদ্ধ ব্যক্তি, যিয়ে এই বয়সতো ব্যভিচাৰ কৰে। দ্বিতীয়ঃ এনেকুৱা দৰিদ্ৰ ব্যক্তি, যাৰ ধন-সম্পদ একো নাই তথাপিও সি মানুহৰ প্ৰতি অহংকাৰ কৰে। তৃতীয়ঃ এনেকুৱা ব্যক্তি যিয়ে ক্ৰয়-বিক্ৰয়ৰ সময়ত প্ৰায়ে আল্লাহৰ শপত খায়, ফলত সি আল্লাহৰ মহান নামৰ অৱমাননা কৰে, আৰু ইয়াক অৰ্থ উপাৰ্জনৰ উপায় হিচাপে ব্যৱহাৰ কৰে।