নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোত সতৰ্ক কৰিছে যে, যদি চাৰিটা দোষ কোনো মুছলিমৰ ভিতৰত পোৱা যায়, তেন্তে ইয়াৰ কাৰণে সি মুনাফিকৰ দৰে গণ্য হয়। কিন্তু এই দোষবোৰে যদি তাক বেছি প্ৰভাৱিত কৰে তেতিয়াহে সি ইয়াৰ অন্তৰ্ভুক্ত হ'ব, অন্যথা কেতিয়াবা কেতিয়াবা এনেকুৱা দোষ হ'লে সেইটো ইয়াৰ অন্তৰ্ভুক্ত নহয়। সেই দোষবোৰ হৈছেঃ প্ৰথমঃ জানি বুজি মিছা কথা কোৱা, সত্য কথা নোকোৱা। দ্বিতীয়ঃ যেতিয়া কোনো চুক্তি কৰে তেতিয়া সেইটো পূৰা নকৰে, বিশ্বাসঘাতকতা কৰে। তৃতীয়ঃ যেতিয়া কোনো প্ৰতিশ্ৰুতি দিয়ে, তেতিয়া সেইটো পালন নকৰে, বৰং ভংগ কৰে। চতুৰ্থঃ যেতিয়া কাৰোবাৰ লগত তৰ্কত লিপ্ত হয় বা কাজিয়া কৰে তেতিয়া গালি শপনি পাৰিবলৈ ধৰে, আৰু সত্যৰ পৰা আঁতৰি যায়। আনকি প্ৰতিপক্ষক পৰাজিত কৰিবলৈ বাতিলৰ সহায় লয়, লগতে অসত্য আৰু মিছা কথা কয়। নিফাক হৈছে, ভিতৰত এটা আৰু বাহিৰত এটা প্ৰকাশ কৰা, এইবোৰ বৈশিষ্ট্য থকা লোকৰ ক্ষেত্ৰতো এইটো অৰ্থই প্ৰযোজ্য, কাৰণ সি কথা কোৱাৰ ক্ষেত্ৰত, প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত, আমানতৰ ক্ষেত্ৰত আৰু মানুহৰ লগত কৰা চুক্তিৰ ক্ষেত্ৰত এইটোৱে কৰে। আনহাতে ইছলামত মুনাফিক কোৱা হয় সেই ব্যক্তিক, যিয়ে অন্তৰত কুফৰী গোপন ৰাখে আৰু নিজকে মুছলিম বুলি পৰিচয় দিয়ে। এতেকে এনেকুৱা বৈশিষ্ট্যবোৰ যদি কোনো এটা বৈশিষ্ট্য কাৰো ভিতৰত থাকে তেন্তে সেইটো নিফাকৰ বৈশিষ্ট্য থকা বুলি বিবেচিত হ'ব, যেতিয়ালৈকে সি সেইটো পৰিত্যাগ নকৰে।