হাছানৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ জুনদাব ইবনে আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে আমাক এই মছজিদতে হাদীছ বৰ্ণনা কৰিছে। যেতিয়াৰ পৰা আমি সেই হাদীছটো শুনিছোঁ, তেতিয়াৰ পৰা এতিয়ালৈকে সেইটো পাহৰা নাই, আৰু আমাৰ এইটোও ধাৰণা নহয় যে, জুনদাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা আৰোপ কৰিছে। তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা লোকসকলৰ মাজত এজন আঘাতপ্ৰাপ্ত ব্যক্তি আছিল। ফলত সি সেইটোক সহ্য কৰিব পৰা নাছিল। সেয়ে সি এটা ছুৰী লৈ নিজৰ হাত কাটি পেলাইছিল। তেজ বন্ধ নোহোৱাৰ ফলত সি মৃত্যুবৰণ কৰাত মহান আল্লাহে কৈছেঃ মোৰ বান্দাই নিজৰ ওপৰত অন্যায় কৰি মোৰ ফালে আহিবলৈ খৰখেদা কৰিছে, সেয়ে মই তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছোঁ।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, আমাৰ পূৰ্বে যিসকল লোক অতিবাহিত হৈছে, সিহঁতৰ মাজৰ এজন ব্যক্তি প্ৰচণ্ড আঘাতপ্ৰাপ্ত হোৱাত সি নিজৰ কষ্টত ধৈৰ্য্য ধাৰণ কৰিব পৰা নাছিল আৰু অসহ্য হৈ সোনকালে মৃত্যু হোৱাৰ বাবে এটা ছুৰীৰে নিজৰে হাত কাটি পেলাইছিল। তেজ বন্ধ নোহোৱাৰ ফলত তাৰ মৃত্যু ঘটিছিল। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আল্লাহে কৈছেঃ মোৰ বান্দাই নিজৰ ওপৰত অন্যায় কৰি মোৰ ওচৰলৈ অহাৰ বাবে খৰখেদা কৰিছে। সেয়ে মই তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছোঁ।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰিব লাগে। দুখ-কষ্টৰ সময়ত নিজৰ ওপৰত সীমালংঘন কৰিব নালাগে, যাতে এইটো আৰু অধিক ডাঙৰ মুচিবতৰ কাৰণ হৈ নাযায়।
  • পূৰ্বৱৰ্তী উম্মতৰ ঘটনাবোৰৰ মাজত আছে কল্যাণ আৰু উপদেশ।
  • ইবনু হাজাৰে কৈছেঃ ইয়াত আল্লাহৰ অধিকাৰ বুজোৱা হৈছে আৰু সৃষ্টিৰ প্ৰতি থকা তেওঁৰ দয়া আৰু কৰুণা বুজোৱা হৈছে। কাৰণ তেওঁ বান্দাসকলৰ ওপৰত আত্মহত্যা হাৰাম কৰিছে। কিয়নো প্ৰাণবোৰ হৈছে আল্লাহৰ অধীনস্থ।
  • এনেকুৱা সকলো মাধ্যম হাৰাম কৰা হৈছে যিবোৰে আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰে। তথা এই ক্ষেত্ৰত কঠোৰ সতৰ্কবাণী প্ৰদান কৰা হৈছে।
  • ইবনু হাজাৰে কৈছেঃ ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হয় যে, সেই ব্যক্তিজনে আত্মহত্যা কৰিবলৈ এইটো কৰিছিল, চিকিৎসাৰ উদ্দেশ্যে কৰা নাছিল, যিটোৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা থাকে।