নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত দুই ধৰণৰ ব্যক্তিৰ উদাহৰণ দাঙি ধৰিছেঃ প্ৰথম প্ৰকাৰঃ এনেকুৱা নেক সঙ্গী বা বন্ধু যিয়ে আল্লাহৰ ফালে পথ দেখুৱায়, আৰু যিটো কৰিলে আল্লাহ সন্তুষ্ট হয়। লগতে নেক কামত সহায় কৰে। ইয়াৰ উদাহৰণ হৈছে, আতৰ বিক্ৰেতাৰ দৰে। আতৰ বিক্ৰেতাৰ সৈতে যদি আপুনি বহে, হয়তো তেওঁ আপোনাক আতৰ উপহাৰ দিব, অথবা আপুনি তেওঁৰ পৰা কিনি ল'ব, নাইবা আপুনি তেওঁৰ সৈতে থাকিলে সুগন্ধি পাই থাকিব। দ্বিতীয় প্ৰকাৰ হৈছে বেয়া বন্ধু বা বেয়া সংগী: যিয়ে আল্লাহৰ পথৰ পৰা বিৰত ৰাখে, আৰু অসৎকৰ্মত সহযোগ কৰে, লগতে সদায় বেয়া কৰ্মত লিপ্ত থাকে। এনেকুৱা অসৎ চৰিত্ৰ লোকৰ সৈতে থাকিলে নিন্দিত হ'ব লাগিব, অন্যথা নিজেও এটা সময়ত বেয়া কামত লিপ্ত হ'ব। ইয়াৰ উদাহৰণ হৈছে কমাৰৰ দৰে, যিয়ে কমাৰ শালত সদায় জুই ফুঁৱাই থাকে, ফলত যিয়ে তাৰ সৈতে বহিব, হয়তো ফিৰিঙতিয়ে তাৰ কাপোৰ পুৰিব, অথবা সি বেয়া গোন্ধ পায়ে থাকিব।