যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ} অৰ্থাৎ অতিশীঘ্ৰেই জবাবদিহি কৰা হ'ব যে, আল্লাহে তোমালোকক যিবোৰ নিয়ামত প্ৰদান কৰিছিল সেইবোৰ পোৱাৰ পিছত তোমালোকে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰিছিলা নে নাই। এই আয়াত শুনি ঝুবাইৰ ইবনুল আওৱাম ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনবোৰ নিয়ামত সম্পৰ্কে জবাবদিহি কৰা হ'ব? আমাৰ ওচৰত দেখোন এই দুইবিধ খাদ্য খেজুৰ আৰু পানীৰ বাহিৰে আন একো নাই। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে যিটো অৱস্থাত আছা, এই অৱস্থাত পোৱা নিয়ামত সম্পৰ্কেও জবাবদিহি কৰা হ'ব। কাৰণ এই দুটা নিয়ামতো আল্লাহৰ ডাঙৰ নিয়ামত।