নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ইছলামে আৰম্ভণিত অপৰিচিত অৱস্থাত আত্ম প্ৰকাশ কৰিছে, তেতিয়া মুছলিমসকলৰ সংখ্যা খুবেই তাকৰ আছিল। এইদৰে এটা সময় এনেকুৱা আহিব যেতিয়া পুনৰ সেই আগৰ অৱস্থালৈ ঘূৰি যাব। প্ৰকৃত মুছলিমৰ সংখ্যা তাকৰ হ'ব। এতেকে সেই সময়ত যিসকলে ইছলামী জীৱন যাপন কৰিব, তথা চৰীয়তি বিধি-বিধান ৰক্ষা কৰিব, তেওঁলোকৰ বাবে আছে সুসংবাদ তথা আনন্দদায়ক প্ৰতিদান।