ছাআদ বিন আবি অক্কাছ ৰাদ্বিয়াল্লাহু আনহুৱে ধাৰণা কৰিলে যে, তেওঁ যিহেতু এজন বাহাদুৰ শক্তিশালী ব্যক্তি, সেয়ে তেওঁ অন্যান্য দুৰ্বল লোকতকৈ মৰ্যাদাৱান, তথা তেওঁৰ সৈতে দুৰ্বলসকলৰ তুলনা নহয়। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ শুনা! তোমালোকৰ মাজৰ এই দুৰ্বল লোকসকলৰ দুআ, নামাজ আৰু ইখলাচৰ কাৰণেই তোমালোকক জীৱিকা প্ৰদান কৰা হয় আৰু সহায় কৰা হয়। তেওঁলোকে দুআ কৰাৰ ক্ষেত্ৰত অত্যন্ত নিষ্ঠা সহকাৰে দুআ কৰে। দুনিয়াৰ মোহ মায়া এৰি একান্ত মনে বিনীত হৈ ইবাদত কৰে।