নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জান্নাতী আৰু জাহান্নামীসকলৰ কেইটামান বৈশিষ্ট্য বৰ্ণনা কৰিছে। জান্নাতীসকলৰ অধিকাংশই হ'ব দুৰ্বল লোক, যিসকলক দুৰ্বল গণ্য কৰা হৈছিল। অৰ্থাৎ যিসকল আল্লাহৰ প্ৰতি বিনীত, নম্ৰ ভদ্ৰ। সেয়ে কিছুমান লোকে তেওঁলোকক দুৰ্বল বুলি গণ্য কৰে আৰু তেওঁলোকক হেও প্ৰতিপন্ন কৰে। এনেকুৱা বিনীত নম্ৰ ভদ্ৰ লোকে যদি কোনো বিষয়ত আল্লাহৰ শপত খায় তেন্তে আল্লাহে সেইটো নিশ্চয় পূৰণ কৰে আৰু তাৰ দুআ কবূল কৰি সেইটোক বাস্তৱায়ন কৰে। জাহান্নামীসকলৰ অধিকাংশই হ'ব অবাধ্য স্বৈৰাচাৰী। «عُتُل» এনেকুৱা ব্যক্তি যিজন নিষ্ঠুৰ কঠোৰ হৃদয়ৱান, যিয়ে সদায় বাদ-বিবাদ আৰু কাজিয়াত লিপ্ত থাকে, তথা যিজন পাপকৰ্মত লিপ্ত থাকে আৰু সৎকৰ্মৰ পৰা আঁতৰি থাকে। «جواظ» এনেকুৱা ব্যক্তি যিজন অহংকাৰী, লোভী, হৃষ্টপুষ্ট শৰীৰ অধিকাৰী, চাল চলনত অহংকাৰ প্ৰকাশ পায়, লগতে বেয়া চৰিত্ৰৰ অধিকাৰী। «مستكبر» এনেকুৱা ব্যক্তি যিয়ে সত্যক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, লগতে আনক হেও প্ৰতিপন্ন কৰে আৰু তুচ্ছ জ্ঞান কৰে।