হাৰিছা বিন অহাব আল খুঝায়ী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "মই তোমালোকক অৱগত নকৰামনে যে, কোনসকল লোক জান্নাতী? প্ৰত্যেক দুৰ্বল ব্যক্তি, যাক দুৰ্বল বুলি গণ্য কৰা হয়। যদি সি আল্লাহৰ শপত খায় তেন্তে আল্লাহে সেইটো নিশ্চয় পূৰণ কৰে। এইদৰে মই তোমালোকক অৱগত নকৰামনে কোনসকল লোক জাহান্নামী? প্ৰত্যেক অবাধ্য, স্বৈৰাচাৰী, অহংকাৰী ব্যক্তি হৈছে জাহান্নামী।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জান্নাতী আৰু জাহান্নামীসকলৰ কেইটামান বৈশিষ্ট্য বৰ্ণনা কৰিছে। জান্নাতীসকলৰ অধিকাংশই হ'ব দুৰ্বল লোক, যিসকলক দুৰ্বল গণ্য কৰা হৈছিল। অৰ্থাৎ যিসকল আল্লাহৰ প্ৰতি বিনীত, নম্ৰ ভদ্ৰ। সেয়ে কিছুমান লোকে তেওঁলোকক দুৰ্বল বুলি গণ্য কৰে আৰু তেওঁলোকক হেও প্ৰতিপন্ন কৰে। এনেকুৱা বিনীত নম্ৰ ভদ্ৰ লোকে যদি কোনো বিষয়ত আল্লাহৰ শপত খায় তেন্তে আল্লাহে সেইটো নিশ্চয় পূৰণ কৰে আৰু তাৰ দুআ কবূল কৰি সেইটোক বাস্তৱায়ন কৰে। জাহান্নামীসকলৰ অধিকাংশই হ'ব অবাধ্য স্বৈৰাচাৰী। «عُتُل» এনেকুৱা ব্যক্তি যিজন নিষ্ঠুৰ কঠোৰ হৃদয়ৱান, যিয়ে সদায় বাদ-বিবাদ আৰু কাজিয়াত লিপ্ত থাকে, তথা যিজন পাপকৰ্মত লিপ্ত থাকে আৰু সৎকৰ্মৰ পৰা আঁতৰি থাকে। «جواظ» এনেকুৱা ব্যক্তি যিজন অহংকাৰী, লোভী, হৃষ্টপুষ্ট শৰীৰ অধিকাৰী, চাল চলনত অহংকাৰ প্ৰকাশ পায়, লগতে বেয়া চৰিত্ৰৰ অধিকাৰী। «مستكبر» এনেকুৱা ব্যক্তি যিয়ে সত্যক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, লগতে আনক হেও প্ৰতিপন্ন কৰে আৰু তুচ্ছ জ্ঞান কৰে।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • জান্নাতীসকলৰ বৈশিষ্ট্য অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে। আনহাতে জাহান্নামীসকলৰ বৈশিষ্ট্যৰ পৰা আঁতৰি থাকিবলৈ সতৰ্ক কৰা হৈছে।
  • সৰ্বশক্তিমান আল্লাহৰ ওচৰত বিনীত হ'ব লাগে, তেওঁৰ আদেশ নিষেধ পালন কৰিব লাগে। সৃষ্টিয়ে কেতিয়াও অহংকাৰ কৰিব নালাগে।
  • ইবনু হাজাৰে কৈছেঃ জান্নাতীসকলৰ বেছি ভাগ লোক এনেকুৱা হ'ব আৰু জাহান্নামীসকলৰ অধিকাংশ এনেকুৱা হ'ব বুলি হাদীছটোত যি কথা কোৱা হৈছে, ইয়াৰ দ্বাৰা এইটো বুজোৱা হোৱা নাই যে, দুয়ো ফালৰ সকলো লোক কেৱল এনেকুৱা বৈশিষ্ট্যৰে হ'ব। বৰং এনেকুৱা ধৰণৰ লোক বেছি যাব। কিন্তু ইয়াৰ দ্বাৰা দুয়ো পক্ষৰ কোনো সংখ্যাক প্ৰতিনিধিত্ব নকৰে।