নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, কিয়ামতৰ দিনা সূৰ্য্যক সৃষ্টিৰ একেবাৰে নিকটৱৰ্তী কৰা হ'ব। আনকি মানুহৰ মূৰৰ ওপৰত এক মাইল দূৰত্বত থাকিব। তাবেয়ী ছুলাইম বিন আমিৰে কৈছেঃ মই নাজানো ইয়াত কোনটো অৰ্থ লোৱা হৈছে, কিয়নো আৰবীৰ এই (الميل) শব্দটোৰ দুটা অৰ্থ আছে, এটাৰ দ্বাৰা ভূমিৰ দূৰত্বক বুজোৱা হয়, আৰু আনটো অৰ্থৰ দ্বাৰা চকুত কাজল দিবলৈ ব্যৱহাৰ কৰা শলাক বুজোৱা হয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সেইদিনা সকলো মানুহে নিজৰ নিজৰ আমল অনুপাতে ঘামৰ মাজত থাকিব। কিছুমানৰ ঘাম সিহঁতৰ ভৰিৰ খাৰগাঁঠি পৰ্যন্ত থাকিব। আন কিছুমানৰ ঘাম থাকিব সিহঁতৰ আঁঠু পৰ্যন্ত। এইদৰে কিছুমানৰ ঘাম থাকিব কঁকাল পৰ্যন্ত, য'ত লুংগী, পেণ্ট তথা পায়জামা বান্ধি ৰখা হয়। আন কিছুমানৰ ঘাম থাকিব সিঁহতৰ মুখ পৰ্যন্ত, ফলত সিহঁতে কোনো কথা ক'ব নোৱাৰিব। বৰ্ণনাকাৰীয়ে কৈছেঃ এই কথা কোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ মুখৰ ফালে ইংগিত কৰি দেখুৱাইছিল।