নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ইছৰা আৰু মিৰাজৰ ৰাতি যেতিয়া মোক আকাশলৈ লৈ যোৱা হৈছিল, তেতিয়া তেখেত এনেকুৱা কিছুমান লোকৰ ওচৰেৰে পাৰ হৈছিল যিসকলৰ নখবোৰ আছিল তামৰ। সিহঁতে সেই নখেৰে নিজৰ মুখমণ্ডল আৰু বুকুত আঘাত কৰি আছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জিব্ৰীল আলাইহিচ্ছালামক সুধিলেঃ ইহঁতে কি এনেকুৱা কাম কৰিছে, যাৰ ফলত এনেকৈ শাস্তি ভোগ কৰি আছে? তেতিয়া জিব্ৰীল আলাইহিচ্ছালামে ক'লেঃ ইহঁত হৈছে সেইসকল লোক যিসকলে মানুহৰ গীবত (সমালোচনা) কৰিছিল, আৰু অন্যায়ভাৱে মানুহৰ সন্মান বিনষ্ট কৰিছিল।