হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেইটিমান গুনাহৰ কথা উল্লেখ কৰিছে, যিবোৰক কবীৰাহ গুনাহ বুলি কোৱা হয়। কাৰণ এনেকুৱা গুনাহকাৰীৰ বিষয়ে দুনিয়া আৰু আখিৰাতত কঠোৰ শাস্তিৰ সতৰ্কবাণী দিয়া হৈছে। তাৰে প্ৰথমটো হৈছে "আল্লাহৰ সৈতে শ্বিৰ্ক কৰা"। অৰ্থাৎ যিকোনো প্ৰকাৰৰ ইবাদত আল্লাহৰ বাহিৰে আন কাৰো বাবে কৰা, আৰু আল্লাহৰ বিশেষত্বৰ সৈতে আন কাৰোবাক সমতুল্য কৰা, উলুহিয়্যাততে হওক বা ৰুবুবিয়্যতত নাইবা আচমা অচিফাতত। দ্বিতীয়টো হৈছে, “পিতৃ-মাতৃৰ সৈতে অবাধ্য আচৰণ কৰা”। অৰ্থাৎ, পিতৃ-মাতৃৰ সৈতে বা তেওঁলোকৰ যিকোনো এজনৰ সৈতে এনেকুৱা কোনো আচৰণ কৰা যিটোৱে তেওঁলোকক কষ্ট দিয়ে। এইদৰে তেওঁলোকৰ অধিকাৰ আদায় নকৰাটোও অবাধ্য আচৰণৰ অন্তৰ্ভুক্ত। তৃতীয়টো হৈছে, "কাৰোবাক হত্যা কৰা"। উচিত কাৰণ নোহোৱাকৈ, অৰ্থাৎ অন্যায়ভাৱে বা সীমালংঘন কৰি। চতুৰ্থটো হৈছে, মিছা শপত খোৱা। অৰ্থাৎ জানি বুজি মিছা শপত খোৱা। আৰবীত ইয়াক য়ামীনে গামূছ বোলে। গামূছ শব্দৰ অৰ্থ হৈছে ডুবি যোৱা। এই নাম দিয়াৰ কাৰণ হৈছে, মিছা শপত খোৱা ব্যক্তি পাপকৰ্মত অথবা জাহান্নামৰ জুইত ডুবি যাব, কাৰণ সি জানি বুজি মিছা শপত খাইছিল।