হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, গুনাহগাৰ মুছলিম ব্যক্তিক আল্লাহে ক্ষমা কৰি দিব বুলি আশা কৰিব পাৰি, কিন্তু যিয়ে গুনাহ কৰাৰ পিছত গৌৰৱ কৰি সেইটো গাই ফুৰে, সেই ব্যক্তি ক্ষমাৰ যোগ্য নহয়। কিয়নো সি ৰাতিৰ অন্ধকাৰত কিবা এটা গুনাহ কৰিছে যিটোক আল্লাহে গোপন কৰি ৰাখিছে, কিন্তু ৰাতিপুৱা উঠি বেলেগক কৈ ফুৰে যে, মই যোৱা ৰাতি এই এই গুনাহ কৰিছোঁ। ৰাতিত কৰা যি গুনাহটো আল্লাহে গোপন ৰাখিছিল, পুৱাই উঠি সি আল্লাহৰ সেই পৰ্দাক আৱৰণমুক্ত কৰি দিয়ে।