ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মান্নত কৰিবলৈ নিষেধ কৰিছে, আৰু কৈছেঃ "নযৰ তথা মান্নতে কেতিয়াও কল্যাণ কঢ়িয়াই নানে, ইয়াৰ দ্বাৰা কেৱল কৃপণ ব্যক্তিৰ পৰা ধনহে উলিয়াই লোৱা হয়।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নযৰ তথা মান্নত কৰিবলৈ নিষেধ কৰিছে। এইটো হৈছে এনেকুৱা এটা বিষয় যিটোক ব্যক্তিয়ে নিজেই নিজৰ ওপৰত অনিবাৰ্য কৰি লয়, চৰীয়তে সেইটোক অনিবাৰ্য কৰা নাই। তেখেতে কৈছেঃ নযৰ আৰু মান্নতৰ ফলত কোনো বিষয় আগুৱায়ো নাহে আৰু পিছুৱায়ো নাযায়। বৰং এইটো হৈছে কৃপণৰ পৰা ধন উলিওৱাৰ এটা উপায়, যিয়ে কেৱল সেই কাম কৰে যিটো তাৰ ওপৰত বাধ্যতামূলক। ভাগ্যত যিটো নাই, নযৰ তথা মান্নতে কেতিয়াও সেইটোক ঘূৰাই আনিব নোৱাৰে।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • নযৰ তথা মান্নত চৰীয়তৰ কোনো বিধান নহয়। কিন্তু যদি কোনোবাই মান্নত কৰে আৰু সেইটো যদি গুনাহৰ কোনো বিষয় নহয় তেন্তে সেইটো পূৰণ কৰা অনিবাৰ্য।
  • নিষেধ কৰাৰ কাৰণ হৈছে (মান্নতে কেতিয়াও কোনো কল্যাণ কঢ়িয়াই আনিব নোৱাৰে)। আল্লাহৰ ফয়চালাক প্ৰতিৰোধ কৰাৰ ক্ষমতা মান্নতৰ ভিতৰত নাই। গতিকে মান্নতকাৰীয়ে যাতে এইটো কেতিয়াও নাভাবে যে, মান্নতৰ ফলত তেওঁৰ এইটো কাম সিদ্ধি হৈছে। অথচ আল্লাহ এনেকুৱা মান্নতৰ পৰা সম্পূৰ্ণৰূপে অমুখাপেক্ষী।
  • কুৰ্তুবী ৰাহিমাহুল্লাহে কৈছেঃ এনেকৈ কোৱা নিষেধ যে, যদি আল্লাহে মোৰ এইটো বেমাৰ ভাল কৰি দিয়ে তেন্তে মই এইখিনি পৰিমাণ চাদাক্বাহ কৰিম। এই বিষয়টো নিষেধ কৰাৰ কাৰণ হৈছে, যিহেতু তেওঁ উক্ত ছোৱাবৰ বিষয়টোক এটা উদ্দেশ্যত সফল হোৱাৰ লগত সম্পৃক্ত কৰিছে, তেতিয়া বিষয়টো স্পষ্ট হৈ পৰে যে, তেওঁৰ মনত আল্লাহৰ সন্তুষ্টি লাভৰ কোনো ইচ্ছা নাছিল। কাৰণ তেওঁ যিটো চাদাক্বাহ কৰিব বিচাৰিছে সেইটো হৈছে এক প্ৰকাৰ বিনিময়ৰ পন্থা। লগতে এইটোৱেও স্পষ্ট কৰে যে, যদি তেওঁৰ বেমাৰ ভাল নহয় তেন্তে তেওঁ নিৰ্ধাৰণ কৰা চাদাক্বাহটো কেতিয়াও আদায় নকৰিব। এতেকে এইটো হৈছে এটা কৃপণৰ অৱস্থা। কাৰণ কৃপণে তাৎক্ষণিক প্ৰতিদান নোপোৱাকৈ কেতিয়াও নিজৰ সম্পদ ব্যয় নকৰে, যিটো সচৰাচৰ বেছিহে হয়।