নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত আনৰ সম্পদ আত্মসাৎ কৰাৰ উদ্দেশ্যে জানি বুজি আল্লাহৰ নামত মিছা শপত খোৱাৰ পৰা সতৰ্ক কৰিছে। যিয়ে এনেকুৱা কৰিব, শীঘ্ৰেই সি আল্লাহক এনেকুৱা অৱস্থাত সাক্ষাৎ কৰিব যে, আল্লাহ তাৰ ওপৰত ক্ৰোধান্বিত হৈ থাকিব। আশ্বআছ বিন কাইছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো তেওঁৰ সৈতে হোৱা ঘটনা সম্পৰ্কেই কৈছে। তেওঁৰ আৰু এজন ইয়াহুদীৰ মাজত এডোখৰ মাটিকলৈ বিবাদ আছিল। বিষয়টো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত উপস্থাপন কৰা হ'ল। তেতিয়া তেখেতে আশ্বআছক সুধিলেঃ তুমি তোমাৰ দাবীৰ সপক্ষে প্ৰমাণ উপস্থিত কৰা। যদি তুমি প্ৰমাণ কৰিব নোৱাৰা তেন্তে যাৰ ওচৰত দাবী কৰা হৈছে তেওঁ শপত খালেই মীমাংসা হৈ যাব। তেতিয়া আশ্বআছে ক'লেঃ হে আল্লাহৰ ৰাছুল! এনেকুৱা কৰিলে দেখোন ইয়াহূদীজনে শপত খাই মোৰ সম্পত্তি আত্মসাৎ কৰিব। তেতিয়া ইয়াৰ সমৰ্থনত মহান আল্লাহে কোৰআনৰ এই আয়াত অৱতীৰ্ণ কৰিলেঃ নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি, অৰ্থাৎ মুমিনসকলক আদায় কৰিবলগীয়া আমানত আৰু নিজৰ শপতক পাৰ্থিৱ জীৱনৰ তুচ্ছ মূল্যৰ বিনিময়ত বিক্ৰী কৰে অৰ্থাৎ মিছা শপত খায়, আখিৰাতত সিহঁতৰ কোনো অংশ নাই; আৰু কিয়ামতৰ দিনা সিহঁতৰ উপকাৰ হ'ব পৰা আল্লাহে সিহঁতৰ লগত কোনো কথা নক’ব, সিহঁতৰ প্ৰতি ৰহমতৰ দৃষ্টিও নিদিব আৰু সিহঁতক মাগফিৰাতৰ বাবে গুনাহৰ পৰা পৰিশুদ্ধও নকৰিব আৰু সিহঁতৰ শলাগো নল'ব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক তথা কষ্টদায়ক শাস্তি।