উক্ববাহ বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে, তেখেতে কৈছেঃ "শপতৰ কাফ্ফাৰাই হৈছে নজৰ তথা মান্নতৰ কাফ্ফাৰাহ।" ছহীহ - (মুছলিম)
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এই কথা জনাইছে যে, যদি কোনোবাই নজৰ তথা মানত কৰে আৰু কোনো বস্তু নিৰ্দিষ্ট নকৰে তেন্তে ইয়াৰ কাফ্ফাৰাহ হ'ব শপতৰ কাফ্ফাৰাৰ সম পৰিমাণ।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • চৰীয়তি পৰিভাষাত নজৰ কোৱা হয়, নিজৰ ইচ্ছামতে আল্লাহৰ উদ্দেশ্যে কোনো বিষয় নিজৰ ওপৰতে অনিবাৰ্য্য কৰি লোৱা।
  • শপতৰ কাফ্ফাৰা হৈছেঃ দহজন মিছকিনক খাদ্য দান কৰা, অথবা সিহঁতক কাপোৰ প্ৰদান কৰা, নাইবা এজন দাস মুক্ত কৰা। যদি এইটো নোৱাৰে তেন্তে তিনিটা ৰোজা ৰাখিব লাগিব।
  • কাফ্ফাৰাৰ হিকমত হৈছে এই যে, যাতে মুছলিম ব্যক্তিয়ে কাফ্ফাৰাৰ মৰ্যাদা ৰক্ষা কৰে, যাতে সাধাৰণ হিচাপে গণ্য নকৰে, লগতে যাতে বাৰে বাৰে নজৰ মানত কৰাৰ ক্ষেত্ৰত অভ্যস্ত নহয়।
  • নজৰ তথা মানতৰ প্ৰকাৰসমূহ: ১। সাধাৰণ মানত (নজৰে মুতলাক): যেনে- এইদৰে কোৱা যে, "মই যদি আৰোগ্য লাভ কৰোঁ তেন্তে আল্লাহৰ নামত মই এটা মানত কৰিম" কিন্তু তেওঁ কোনো নিৰ্দিষ্ট বস্তুৰ মানত কৰা নাই। এনেকুৱা ব্যক্তিয়ে যদি আৰোগ্য লাভ কৰে, তেন্তে তেওঁ শপতৰ কাফ্ফাৰা আদায় কৰিব লাগিব। ২। তৰ্ক-বিতৰ্ক বা ক্ৰোধ সংক্ৰান্তীয় মানত (নজৰে লিজাজ অগাজাব): অৰ্থাৎ কোনো কাম কৰা বা নকৰাৰ ক্ষেত্ৰত মানতৰ সৈতে চৰ্ত বান্ধি লোৱা। যেনে- এইদৰে কোৱা যে, "মই যদি তোমাৰ লগত কথা কওঁ, তেন্তে মোৰ ওপৰত এমাহৰ ৰোজা অনিবাৰ্য্য।" ইয়াৰ বিধান হৈছে: বিষয়টো তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব, হয় মানত পূৰণ কৰিব লাগিব, নহ'লে কথা পতাৰ লগে লগে তেওঁৰ ওপৰত শপতৰ কাফ্ফাৰা অনিবাৰ্য্য হৈ পৰিব। ৩। অনুমোদিত মানত (নজৰে মোবাহ): যেনে- এইদৰে কোৱা যে, "আল্লাহৰ শপত, এইটো কাপোৰ পৰিধান কৰা মোৰ ওপৰত ওৱাজিব।" ইয়াৰ বিধান হৈছে: এইটো মানতকাৰীৰ ওপৰত নিৰ্ভৰ কৰিব। যদি সেই কাপোৰটো পিন্ধে তেন্তে একো নাই, যদি নিপিন্ধে তেন্তে শপতৰ কাফ্ফাৰা দিব লাগিব। ৪। অপছন্দনীয় মানত (নজৰে মকৰূহ): যেনে- এইদৰে কোৱা যে, "আল্লাহৰ উদ্দেশ্যে মই মোৰ ওপৰত মোৰ স্ত্ৰীক তালাক দিয়াটো অনিবাৰ্য্য কৰিলোঁ।" ইয়াৰ বিধান হৈছে: এই ক্ষেত্ৰত কাফ্ফাৰা দিয়াটো হৈছে উত্তম, আৰু মানত পূৰণ কৰা উচিত নহয়। কিন্তু যদি সি তালাক দিয়ে, তেন্তে তাৰ ওপৰত কোনো কাফ্ফাৰা নাই। ৫। গুনাহৰ ক্ষেত্ৰত মানত (নজৰে মা'ছিয়্যা): যেনে- এইদৰে কোৱা, "আল্লাহৰ উদ্দেশ্যে মই মোৰ বাবে চুৰি কাৰ্য্যক অনিবাৰ্য্য কৰি ল'লোঁ।" বিধান: এনেকুৱা মানত পূৰণ কৰাটো হৈছে হাৰাম। তাৰ বাবে শপতৰ কাফ্ফাৰা আদায় কৰা অনিবাৰ্য্য, কিন্তু তথাপিও যদি সি সেইটো কৰে, তেন্তে সি গুনাহগাৰ হ'ব আৰু কোনো কাফ্ফাৰা দিব নালাগে। ৬। আনুগত্যমূলক মানত (নজৰে তা'আত): যেনে-এইদৰে কোৱা: "আল্লাহৰ উদ্দেশ্যে মোৰ ওপৰত ইমান ৰাকাত নামাজ আদায় কৰা অনিবাৰ্য্য।" অৰ্থাৎ আল্লাহৰ নৈকট্য লাভৰ উদ্দেশ্যে। ব্যক্তিজনে যদি কোনো চৰ্ত বান্ধি লয়, যেনে- অমুক বেমাৰৰ পৰা আৰোগ্য লাভ কৰিলে ইমান ৰাকাত নামাজ পঢ়িম, এনে ক্ষেত্ৰত চৰ্ত পূৰণ হ'লে মানত পূৰণ কৰাটো ওৱাজিব। আনহাতে যদি চৰ্ত নকৰাকৈ সাধাৰণভাৱে মানত কৰিছে, তেন্তে পূৰণ যিকোনো অৱস্থাতে সেইটো পূৰণ কৰাটো ওৱাজিব।