হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যদি প্ৰমাণ আদি নোলোৱাকৈ মানুহৰ দাবীৰ ভিত্তিত বিচাৰ কাৰ্য সম্পন্ন কৰি সিহঁতৰ পক্ষে ফয়চালা কৰা হ'লহেঁতেন তেন্তে বহুতেই আনৰ সম্পদ আত্মসাৎ কৰিবলৈ এই পন্থা অৱলম্বন কৰিলেহেঁতেন। কিন্তু নিয়ম হৈছে দাবীকাৰীয়ে প্ৰমাণ উপস্থিত কৰিব লাগিব। যদি সি প্ৰমাণ দিব নোৱাৰে তেন্তে গোচৰটো প্ৰতিপক্ষৰ ওচৰত উপস্থাপন কৰা হ’ব, আৰু তেওঁ যদি অস্বীকাৰ কৰে তেন্তে তেওঁ শপত খাই দোষমুক্ত হ’ব লাগিব।